আপুনি যদি ইংৰাজী ক’ব বিচাৰে বা স্পোকেন ইংলিশ ভাল কৰিব বিচাৰে তেন্তে এই কৰ্চটো আপোনাৰ বাবে৷
কেনেদৰে শিকোৱা হ’ব সেয়া চাবলৈ ভিডিওটো চাওক৷ সকলো বুজি পাব
কোনে এই কৰ্চটো ল’ব পাৰিব?
যিকোনো মানুহেই এই কৰ্চটো ল’ব পাৰিব৷ আপুনি যদি ইংৰাজী পঢ়িব জানে কিন্তু ক’বলৈ অসুবিধা পায় তেন্তে এয়া আপোনাৰ বাবে৷ অকল ছাত্ৰ-ছাত্ৰী ৰ বাবেই নহয় আন ডাঙৰ মানুহেও এই কৰ্চটো ল’ব পাৰিব৷ আপুনি যদি ইংৰাজী ভাষাৰ বিষয়ে একোৱে নাজানে তেতিয়া হয়তো অসুবিধা পাব৷ ইংৰাজীৰ বেচিক কথাবোৰ (এ বি চি ডি) জনা মানুহে ইয়াক ল’ব পাৰিব৷
ফিজ কিমান?
এমাহৰ বাবে ৩৬০০৷- টকা৷ তিনিমাহৰ বাবে ১০০০০৷- টকা৷
কিমান দিন
ই কৰ্চটো বেচিক পৰ্যায়ত ৩ মাহ চলিব৷ এমাহত ১২ দিনকৈ৷
কেনেকৈ ক্লাছবোৰ হ’ব?
দুইধৰণে এই কৰ্চটো হ’ব৷ বৰ্তমান ক্লাছৰ ৰূপত এই কৰ্চটো কৰিব পাৰিব৷ সৰু সৰু গ্ৰুপত (২ ৰ পৰা ১০ জনীয়া) এই কৰ্চটো কৰা হ’ব৷
(১) মুখামুখিকৈ- আপুনি আমাৰ চেন্টাৰলৈ নিজে আহিব লাগিব
(২) অনলাইন- আপুনি ঘৰতে বহি অনলাইন ভিডিও চেট (গুগল মিট, ভিডিও ক’ল বা তেনে অন্য উপায়েৰে ক্লাছ বিলাক কৰিব পাৰিব৷
এই কৰ্চটোনো আনতকৈ কি বেলেগ?
ইমানবোৰ স্পকেন ইংলিছৰ ক্লাছ থাকোতে মইনো এই কৰ্চটোহে কিয় ল’ম?
আন কৰ্চৰ দৰে মাহৰ পিছত মাহ ইয়াক কৰিব নালাগে৷ আমি কেনেদৰে শিকিব পাৰি সেয়া শিকাম আৰু তাৰ পিছত আপুনি ঘৰতে সেয়া নিজে কৰিব পাৰিব৷ ২-৩ মাহ ক্লাছ (২৪ ৰ পৰা ৩৬ টা ক্লাছ) কৰিলেই হ’ব৷
আমি গ্ৰামাৰ বা শব্দ মুখস্থ কৰাত গুৰুত্ব নিদিও, ইংৰাজী কোৱাতহে গুৰুত্ব দিও৷
আমি যেনেদৰে ইংৰাজী ক’বলৈ শিকিছিলোঁ আমি তেনেদৰেই আপোনাকো শিকাম
এই কৰ্চটো কৰাৰ পিছত আপুনি ইংৰাজী ক’বলৈ আৰু আমাৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে, সেয়া নিজে নিজে কৰিব পাৰিব৷
কেনেদৰে শিকোৱা হ’ব সেয়া চাবলৈ ভিডিওটো চাওক৷ সকলো বুজি পাব